পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
মিৰি-জীয়ৰী

হ'লগৈ আৰু এটায়ে সেই আগৰ দিনৰ হোজা নিয়মে চেলাম দিলে। সহৃদয় মাজিষ্ট্ৰেট জনাইও হাঁহি হাঁহি এটাইৰে চেলাম গ্ৰহণ কৰিলে। পাঠক! এনে এজন হাকিম পোৱা বৰ টান আৰু প্ৰকৃততে হাকিমৰ মৰমত সকলোৱে সন্তুষ্ট। তেওঁৰ হাতত বিচাৰৰ বিভ্ৰাট নাই, তেওঁ কতো দঙ্গা-পৰা নকৰে। দুষ্টৰ যম, শান্তৰ বন্ধু, দুখীয়া প্ৰজাবৰ্গৰ মৰম বুজা, জিলাৰ সকলো কামতে নিজে চকু ৰখা, সকলো কাম নিজ হাতে কৰা এনে এজন হাকিম নাই। এওঁৰ ভয়ত সকলোৱে প্ৰকৃততে কঁপিও থাকে; কিন্তু সেইবুলি যে দুখীয়া আমোলাবৰ্গক জৰিমনা কৰাত চোকা এনে নহয়, সকলোৰে মৰম বুজে। গুণীৰ গুণ স্বীকাৰ কৰে। যি পৰিশ্ৰম কৰে তাৰ কাম নিজ চকুৰে চাই তাক নিজৰ ল'ৰা-ছোৱালী যেন বিবেচনা কৰে, মৰমো কৰে। পৰ্ব্বতৰ দফলা আৰু মিৰি জাকৰ সকলো দা-দস্তুৰ জানে। কিন্তু এই হাকিমজনাৰ যে এনেবিলাক আচৰণ এইবিলাক হাকিমৰ নিজ গুণে কিছু হলেও সৰহ ভাগ লক্ষীমপুৰৰ হোজা, সৰল ভাবৰ মানুহবিলাকৰ গুণেহে হৈছে। আমাৰ দেশৰ হাকিমবিলাক যে বেয়া এনে নহয়। কিন্তু ঠায়ে ঠায়ে আমাৰ মানুহৰ ব্যৱহাৰে, আমাৰ স্বভাবে-চৰিত্ৰেহে বহু ঠাইত ভাল হাকিমকো বেয়া কৰে।

 হাকিম এজ্‌লাচত বহিলেই পোনেই ৰেবিনিউ দেওয়ানী ইত্যাদিৰ কাগজ-পত্ৰবিলাক চাই-মেলি হুকুম দি খতম কৰি ফৌজদাৰী কাগজ চাবলৈ ধৰিছে মাথোন, এনেতে কুৰিজনমান মিৰি, চাৰি-পাঁচজনীমান গাভৰু আৰু বুঢ়ীয়ে সৈতে কাছাৰিত হাজিৰ হল। সেই মিৰি গাভৰুজাকৰ ভিতৰত এজনী গাভৰুৱে চিয়ঁৰি চিয়ঁৰি বুকুত ভুকুৱাই আহিছে। এটা মানুহে তাইক জোৰ কৰি টানি আনিছে। এই