"The bashful virgin's side-long looks of love—
The matrons' glance that would those looks reprove—
These were the charms, sweet village! Sports like these
with sweet succession—taught even toil to please.
Goldsmith
আমি আগৰ অধ্যায়ত বিৱৰণ দিয়া ঘটনাবিলাক হৈ যাবৰ ছমাহ হ’ল। আজি কাতি মাহৰ সাদিন যায়। সোৱণশিৰীৰ পাৰত থকা মিৰিগাঁৱত ৰাতি পুৱাইছে মাথোন। মিৰিগাঁৱত বৰ ধুমধাম। ডেকা-গাভৰুৱে চিকুণ চিকুণ কানি-কাপোৰ পিন্ধি ঘৰে ঘৰে হাতত খৰাহি লৈ চাউল, লোণ, তেল, মাহ তুলিছে। ঘৰে ঘৰে পাত, কাঁহি ইত্যাদি গোটাইছে। সিফালে বাৰটা মান মানুহে ছটামান গাহৰি (ক) ভাৰ কৰি আনিছে। দুটা মানুহে এটা বৰ ডাঙৰ খাঙত প্ৰায় দুকুৰিমান কুকুৰা চৰা (খ) ভাৰ কৰি নিছে। ডাঙৰ ডাঙৰ টৌ, ঘটী, বাটি ঘৰে ঘৰে বুঢ়ী মাইকীবিলাকে উলিয়াই দিছে। আনন্দ উলাহতে ডেকা-গাভৰুৱে হতা-হাতি কৰি নিছে।
(ক-খ)এইবিলাক বস্তু বহাগৰ বিহুত উঠা ধনেৰে কিনি আনে।