এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ মিলন ॥
 

[ ৩৯ ]

জগাই তুলিলোঁ মোৰ জীৱনৰ বীণ
 বাজি উঠে সুৰ ঝঙ্কাৰ;
বজালোঁ ধীৰেৰে সখি তোমাৰেই গীত
 দীন হীন মই কলাকাৰ।
তোমাৰ পৰশ মাগি খেলিলোঁ সুৰৰ খেল
 বাজি উঠে সুৰৰ যড়জ,
আন্দোলিত কঁপনি ধীৰে-ধীৰে মাৰ গ’ল
 দিলোঁ পুনু আঙুলি পৰশ।
বাজি উঠে এই বাৰ কোমল ধৈবত
 কি যে মধু সুৰ আন্দোলন,
কম্পিত লয় লাসে ৰাগৰ গহীন স্বৰ
 সুৰে মোৰ হৰি নিলে মন।
বহুপৰ বাজি ৰ’ল উদাৰাৰ স্বৰবোৰ
 ভৈৰৱ ৰাগৰ ৰূপত,
ধীৰ স্থিৰ অচঞ্চল বিলম্বিত, লয়
 নাচি ৰ’ল বীণৰ বুকুত।
কোমল ঋষভে পালে সুৰৰ পৰশ মোৰ
 মুদাৰত উঠিল কম্পন,
শুদ্ধ গান্ধাৰে পালে কাৰ পৰশ বাৰু
 বতাহত মৃদু গুঞ্জৰণ!
মধ্যম সুৰ বাজে প্ৰাণৰ আবেগে মোৰ
 বাজে মীড় ঋষভ কোমল,
জিলিকি পৰিল কি যে মোহনীয় ৰূপ
 দেখোঁ মই প্ৰেম শতদল।

[৩০]

39