পৃষ্ঠা:মা দুৰ্গা.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিমত আৰু শুভকামনা অসমৰ এগৰাকী প্ৰখ্যাত ডাইনাপালী প্ৰয়াত বিষ্ণুৰাম হালৈ যিজন বিষ্ণু ডাইনাপালী নামে খ্যাত তেওঁৰ সুযোগ্য পুত্ৰ ডাইনাপালী শ্ৰীপ্ৰভাত হালৈয়ে ওজাপালীয়ে পৰিৱেশন কৰিব পৰাকৈ ৰচনা কৰা ‘মা দুৰ্গা’ গ্ৰন্থখনৰ পাণ্ডুলিপিটো পঢ়ি আনন্দিত হ'লো। শ্ৰীহালৈয়ে ইতিমধ্যে ১৯৭৯-৮০ চনৰ ৰক্তাক্ত ইতিহাস, বিশ্বেশ্বৰ দেৱালয়ৰ আদি কথা, বিল্বেশ্বৰ, সৰাপাত, সৰাপাহি, জ্ঞান মঞ্জুৰী, জীৱন যুদ্ধৰ সংবাদ আদি গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত হৈছে। ‘দুৰ্গা হৈছে সতী, পাৰ্বতী, শিৱৰ ভাৰ্যা। দুৰ্গা নামেৰে এটা অসুৰক মাৰিছিল বাবে তেওঁৰ এই নাম। এওঁ হৈছে জগতৰ আদ্যাশক্তি দেৱী মহামায়া। দেৱীয়ে মহাবিঘ্নি, মহাভয়, ভৱবন্ধন, নৰক যন্ত্ৰণা, শোক, দুখ- দুৰ্গতি আদি নাশ কৰে বাবেও তেওঁক দুৰ্গা বোলে। দেৱী মহামায়ৰ গুৰ তত্ত্ব সহজে বুজিব নোৱাৰি, জ্ঞাত নহয়, দুৰ্জেয় কাৰণেও তেওঁক দুৰ্গা বোাালে। পণ্ডিত সকলৰ মতে বৈদিক যুগৰ পৰা বিভিন্ন পুৰাণ, মহাভাৰত আদি গ্ৰন্থত দুৰ্গা দেৱীৰ শক্তি মাহাত্ম্যৰ কথা আৰু পূজা পদ্ধতিৰ আভাস আছে। মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত শ্ৰীশ্ৰী চণ্ডী খণ্ডত দুৰ্গা দেৱীৰ শক্তি মহিমা বিশেষভাৱে প্ৰকাশ পাইছে। অত্যাচাৰী মহিষাসুৰক বধ কৰিবলৈ সমগ্ৰ দেৱতাৰ শক্তিৰ পৰা দুৰ্গা দেৱীৰ উৎপত্তি। এই দুৰ্গায়েই কালীৰূপ ধাৰণ কৰি ৰক্তবীজ অসুৰক বধ কৰে আৰু চণ্ড আৰু মুণ্ড নামৰ দুই দৈত্যক বধ কৰি তেওঁ চামুণ্ডা নাম পায়। সত্যযুগত পৃথিৱীৰ ৰজা সুৰথে আৰু সমাধি নামৰ বৈশ্যৰ মেধস মুনিৰ পৰামৰ্শ আৰু সহায়তাত বসন্ত কালত দুৰ্গা দেৱীক পূজা কৰি হেৰোৱা ৰাজ্য লাভ কৰিছিল আৰু সমাধিয়ে মুক্তি পাইছিল। তাৰ পাছত ত্ৰেতা