পৃষ্ঠা:মা দুৰ্গা.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ॐॐ মা দুর্গা - The ঘৈনিৰস্তো ভবাল্লুব্ধৈঃ পুত্ৰদাৰাদিভিৰ্দ্ধনৈঃ। তেষু কিং ভবতঃ স্নেহমন্নু বধ্নাতি মানসম্।। শুনক ভদ্ৰ মই সপ্তদিপেশ্বৰ ৰাজশ্ৰী সুৰৰ্থ চৈত্ৰ মোৰ অন্নেৰে লালিত পালিত। মোৰ সৈন্য সামন্ত মন্ত্রী অমত্যায় যুদ্ধৰ সময়ত প্ৰতাৰণা কৰি মোক পৰাজয়ৰ শিকলি পিন্ধালে। চাৰিওফালে আৰম্ভ হ’ল সুৰথৰ ধ্বংসৰ সৰযন্ত্ৰ ৷ জীয়াই থকাৰ আশাত এদিন নিশা ভাৰ্য্যা পুত্ৰক লৈ মই ৰাজপ্ৰসাদ এৰি পলাই আহিলোঁ কিন্তু দুর্ভাগ্য বশতঃ মোৰ একমাত্ৰ কন্যা অৰ্পনাক বিচনাতে এৰি গুচি আহিলোঁ। সমাধি বৈশ্যঃ কি কলে সুৰথ আপুনি যাৰ ভয়ত বাঘে চাগে একে ঘাততে পানী খাইছিল সেই সুৰথ ৰজা আপুনি গাত বাকলী বসন, মুৰত জট্টাভাৰ পাদুকা বিহীন সুকোমল ভৰি হে নিয়তি কি পৰিহাস তোমাৰ। হে ভদ্ৰ একেপথৰ পথিক আমি দুয়োজন নিবিৰ অৰণ্যৰ মাজত ইজনে সিজনৰ আশয় হৈ জীয়াই থাকিম দুটি বনচৰ। কিন্তু বন্ধু আপুনি নিমাত কিয়? এবমেত্দ যথাপ্রাহ ভবানস্মদগতং বচঃ। কি কৰোমি ন বধ্নাতি সম নিষ্ঠৰতাং মনঃ।। সৈঃ সন্ত্যজ্য পিতৃস্নেহং ধনলুব্ধৈ নিৰাকৃতঃ। পতি স্বজনহাদ্দঞ্চ হাৰ্দ্দি তেম্বেব মেমনঃ।। কিমেতন্নাভিজানামি জানন্নপি মহামতে। যৎ প্রেম প্রবনং চিত্তং বিগুনেস্বপি বন্ধুষু।। তেষাং কৃতে মে নিশ্বাসা দৌৰ্ম্মনস্যঞ্চ জায়তে। কৰোমি কিং মনস্তেম্ব প্রীতিষু নিষ্ঠুৰম্।। 8