পৃষ্ঠা:মা দুৰ্গা.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিমত ‘দুগাং শিবাং শান্তিকৰী ব্ৰহ্মানী ব্ৰহ্মন প্ৰিয়াম। সৰ্ব্বলোক প্ৰণেত্ৰীঞ্চ প্ৰণমামি সদা উমাম্॥ পূজ্যপদ স্বৰ্গীয় গঙ্গানাথ দেৱ শৰ্ম্মা শাস্ত্ৰী স্মৃতিৰত্ন আগম বিশাৰদ প্ৰণাম তথা পিতৃ স্বৰ্গীয় সোণাপতি ভট্টাচাৰ্য উভয়কে স্তুতি কৰি শ্ৰীমান প্ৰভাত হালৈ ডাইনাপালিৰ অনুৰোধ ৰক্ষা কৰি ‘মা দুগা’ গ্ৰন্থখনত কিছুমান সংস্কৃত শ্লোক অনুবাদ কৰি দিলো। উক্ত কিতাপখনৰ শ্লোক বিলাক শ্ৰীশ্ৰীচণ্ডী, মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মকৈৱৰ্ত্ত পুৰাণ, স্কন্দপুৰাণ, দেৱী ভাগৱত আদিৰ পৰা উদ্ধৃত। শক্তি সাক্ষাৎ মহাদেৱী আৰু শক্তিমান হ’ল মহাদেৱ। উভয়ৰ শক্তিতে এই বিশ্ব চৰাচৰ। যিমান শিৱ সিমান দেৱী, যিমান দেৱী সিমান শিৱ। চণ্ডীৰ বিশেষ তাৎপৰ্য্য সিদ্ধান্ত, কৰ্ম্মদাৰা মানবে মুক্তি লাভ কৰিব পাৰে। চণ্ডীত সকাম আৰু নিস্কাম কৰ্ম্মদাৰা মুক্তি লাভ কৰে। মহাশক্তিৰ কৃপাত মোক্ষজন কৃপাপুত হৈ থাকে, ৰজা সুৰথে সকাম কৰ্ম্মদাৰা শত্ৰুদমন ও ৰাজ্য লাভ হৈছিল; সমাধি বৈশ্য নিস্কাম কৰ্ম্মৰ দ্বাৰা জ্ঞান ও মুক্তি লাভ কৰিছিল৷ LIANCY SERI 20 ভগৱতীৰ কৃপাত ‘মা দুৰ্গা’ ৰাইজৰ দুখ-দুৰ্গতি নাশি সকলোকে আশীৰ্বাদ দান কৰক। শ্ৰীপ্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য বিশ্বেশ্বৰ (দেউৰীপাৰা) ডাকঃ বেলশৰ জিলা ঃ নলবাৰী (অসম) ২৫-০৮-২০১৮ ইং