পৃষ্ঠা:মালিকা.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

পাচলই মােক
কিহে আজুৰিছে,
  গম পাওঁ নিতে নিতে।
কাবউ কৰিছোঁ,
এৰি দে, এৰি দে
  যাওঁ আগবাঢ়ি মই
আছে বহু বাট,
জীৱনত মোৰ
  দূৰণি বটীয়া হ'ই
আহিছিলো মই
কিবা কামলই
  কিহবাত ভোল গলে
সংসাৰ ভাৱনা
চাওঁতে চাওঁতে
  মায়াত অন্ধলা হলোঁ ।
ভাৱনা, ভাৱনা
স্ংসাৰ ভাৱনা
  ধুলি-ধেমালিৰ ঘৰ