পৃষ্ঠা:মালিকা.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্মৃতি মালিকা


মনত বেজাৰ
আশা-নিৰাশাৰ
  গধূৰ বোজাটি লই,
জীৱন-পথত
যাওঁ আগুৱাই
  এখুজি দুখুজি কই!
স'মুখত সউ
আলোৱে এন্ধাৰে
  পাতিছে ভৱনা ঘোৰ,
পাচত জিলিকে
সোনালি পাখীৰে
  ধুনীয়া পখিলা বোৰ।
হায়, কি বিপদ !
বিহব্ব্ল হৃদয়
  আগুৱাওঁ কোন সতে