পৃষ্ঠা:মালিকা.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

6

গলে কাষ চাপি
যাবা উৰা মাৰি
  পৰিবা ডালত গ’ই।
তুমি হ’বা সখি !
পুৱাৰ তৰুন
  অৰুণ প্ৰেমিক জন;
মই হ’ম নিশা,
তুমি আহি মোৰ
  গুচাবা ওৰণী খন।
তুমি হ’বা সখি !
এপাহি গোলাপ,
  মই ভোমোৰাটি হই
দুগালে তোমাৰ
দুটি চুমা দিম,—
  লাজত পৰিবা জঁয়।
তুমি হ’বা ঊষা
বানৰ জীয়ৰী,
  মই হ’ম চিত্ৰলেখা,