এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি৷

 ইটালী দেশৰ অমৰ কবি ফ্ৰান্সিস্কো পেতবাৰ্কাই প্ৰথমতে এই চতুৰ্দ্দশপদী কবিতাৰ সৃষ্টি কৰে৷ তাৰ পাছত ইউৰূপৰ প্ৰায় সকলো ভাষাতেই ইয়াৰ প্ৰচলন হয়৷ ইংৰাজীতে এই ধৰনৰ কবিতাক “চনেট্‌” (Sonnet) বোলে৷ বঙ্গদেশৰ সৰ্ব্বপ্ৰধান কবি, কবিকুলমণি, মহাত্মা ৺মাইকেল মধুসুদন দত্তই প্ৰথমতে বঙ্গলা ভাষাত চতুৰ্দ্দশপদী কবিতা লিখি, বাট দেখুৱায়৷

 বৰ্তমান সময়ৰ অনেক অসমীয়া লেখাৰুৱেও চতুৰ্দ্দশপদী কবিতা লিখিবলৈ হাত দিছে৷ সেই সকলকে দেখি, আমিও সেই অমৰ কবি সকলৰ পদাঙ্ক অনুসৰন কৰি, এই চতুৰ্দ্দশপদী কবিতা কেইটি ৰচনা কৰি, পাঠক সকলৰ ওছৰত ডাঙ্গি ধৰিলো৷ আমাৰ চেষ্টা কিমানদূৰ ফলবতী হৈছে, সেইটো সহৃদয় পাঠক সকলে বিচাৰ কৰিব৷