এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাধা আৰু বৃন্দা।

কৃষ্ণ-বিৰহত পৰি, বিৰহী ৰাধাক
বিয়াকুল দেখি, ক’লে সাদৰী বৃন্দাই,
“নাকান্দিবা আৰু, সখি! কৃষ্ণক ধিয়াঁই,
“নহয় আপোন, তেওঁ না ভাবে তোমাক॥
“থাকিলে হেতেন যদি ভাব তোমালই
“নগ’ল হেতেন তেওঁ তিয়াগি গোকুল;
“ব্ৰজবাসী সকলোকে কৰি বিয়াকুল;
“নাকান্দিবা, সখি! তেওঁ আপোন নহয়॥”
শ্ৰীকৃষ্ণৰ নিন্দা শুনি কথা নিদাৰুণ
বিৰহী ৰাধাই ক’লে কানত বৃন্দাৰ,
“কানায়ে আমাক ভাবে নিচেই আপোন৷
“পৰ দুখ দূৰ কৰা লক্ষণ দয়াৰ;
“দয়ালুৱে নিজ দুখ কৰে কি হৰণ?
“শ্ৰীকৃষ্ণক নিন্দা, সখি! কৰা কি কাৰণ?”