এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাধা।

প্ৰেমময়ী তুমি, দেবি! কোনো কোনো কবি
কিন্তু যি আঁকিছে ছবি নিৰ্ম্মল মুখত
ঘহি কলঙ্কৰ মহি, কলঙ্কিনী ছবি!
সি কথা ভাবিলে দুখ লাগে হৃদয়ত॥
নহয় তোমাৰ প্ৰেম, প্ৰেম গাভৰুৰ
প্ৰণয়ীৰে স’তে, দেবি! হিয়াত তোমাৰ
স্বৰ্গীয় প্ৰেমৰ নই, অনন্ত অপাৰ
বাজিছিলে নিতে মাথোঁঁ অমিয়া মধুৰ॥
নিজকে পাহৰি, দেবি! কৃষ্ণৰে পাৱত
উছৰ্গি দিছিলা প্ৰাণ অতি আদৰৰ;
শেলসম গঞ্জনাকো নলই মনত
চাপিছিলা কাষ, দেবি! ঈশ্বৰ–প্ৰেমৰ॥
নাভাবি নিচিন্তি মাথোঁঁ কোনো কোনো কবি
আঁকিলে তোমাৰ, দেবি! কলঙ্কিনী ছবি॥