এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভ্ৰান্তি।

নিতে লগৰিয়া তুমি ভ্ৰান্তি! মানৱৰ,
নিৰ্ম্মল জোনৰ তুমি কলঙ্কৰ ছিন!
অজ্ঞান অবোধ, হায়! ভ্ৰান্তি কলঙ্কিনী,
কিযে ভাল, কিযে বেয়া, নাই একো ভিন!!
বৰবেয়া, ভ্ৰান্তি! তুমি সোণৰ সংসাৰ
মুহূৰ্ত্ততে কৰা ছাই পাতি কূট জাল!
অতি বলৱতী তুমি,― মায়াৰ বলত
পণ্ডিতকো মোহি, হায়! আছা চিৰকাল।।
নাই এনে লোক ক’তো তিনি ত্ৰৈলোক্যত,
যিজন নহয় বশ তোমাৰ মায়াৰ;
তোমাৰ ছলতে ভুলি কত ভ্ৰান্তজনে
ধ্বংস কৰে আপনাৰ সোণৰ সংসাৰ।।
কৰাইছা মোকো, ভ্ৰান্তি! কত বেয়া কাম
ছলাই-ভুলাই,― হায়! কান্দিছে পৰাণ!!