পৃষ্ঠা:মালচ.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল।

স্বৰগৰ অপেশ্বৰা, আলসুৱা ফুল!
শাপভ্ৰষ্টা হই মাথোঁ আছা পৃথিবীত,
কোমল তোমাৰ দেহা, মন, প্ৰাণ চিত,
জেউতিৰে ভৰা, ৰূপ মৰ্ত্ত্যত অতুল॥
এনেয়ে ৰূপহী তুমি, কেলই পিন্ধিলা
সেউজীয়া সাজ তাতে? লাহৰী গালত
পুৱাৰ নিয়ঁৰটোপা কিয়নো সানিলা?
লাৱণ্যৰ মূৰ কিয় মাৰা জগতত?
স্বৰগ সুন্দৰী তুমি, ফুল ওপৰৰ,
কিয় কৰি থাকা তুমি মুৰ তললই?
সহিব নোৱাৰি নেকি জেউতিৰ ভৰ
মুৰটি দোঁৱাই আছা তুমি এনেকই?
মূৰ দাঙ্গি চোৱাঁ তুমি, দেখক জগতে
মাধুৰি তোমাত কেনে ৰাজিছে সততে॥