পৃষ্ঠা:মালচ.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কোনো বন্ধুৰ মাতৃ বিয়োগত।

কি শুনিলো! কি শুনিলো! বন্ধু মৰমৰ!
হেৰুৱালা বোলে তুমি মাতৃ-হেন ধন
স্নেহ মুৰ্ত্তিমতী, হায়! অমূল্য ৰতন?
বৰ শোক পালো, শুনি কান্দিছে অন্তৰ!!
আজি দিনাৱধি, বন্ধু! হ’লা মাতৃহীন
চেনেহৰে “আই” বুলি আৰু জগতত
নোপোৱা মাতিব’ তুমি! যাক চিৰদিন
“আই” বুলি ভুলিছিলা দুখ আনন্দত॥
অতদিনে দুখ তুমি মাতৃ বিয়োগৰ
আছিল নোপোৱা, বন্ধু! নাই পোৱা শোক!
কিন্তু কি কৰিবা, হায়! ইচ্ছা ঈশ্বৰৰ!
কি হ'ব কান্দিলে আৰু? এৰি দিয়াঁ দুখ॥
ইয়াকে প্ৰাৰ্থনা মাথোঁ কৰা ঈশ্বৰত,
তেঁওৰ অনন্ত শান্তি হ’ক স্বৰগত॥