পৃষ্ঠা:মালচ.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্মশান

আছিলে এদিন মোৰ! তোমাক, শ্মশান।
বনিছিলো স্বৰ্গ বুলি ইহ জগতৰ।
তোমাৰ কোলাতে গই, থই আহিছিলো
পতিপ্ৰাণা জয়সতী * সতী আহোমৰ॥
আহাহা! শ্মশান! হায়। নাই ভবা মই
তাৰ যে পাছতে পুনু লাগিব তোমাত
থবগই চেনেহৰ লাহৰিটি লই
অনন্ত শান্তিৰে ভৰা তোমাৰ কোলাত॥
অতি চেনেহৰ মোৰ সোনটি, শ্মশান॥
আদৰ চেনেহ কৰি তোলা অসঙ্গত;
নিদিবা কেলেশ, তাৰ কোমল পৰাণ।
ৰাখিবা নিতউ তাক অতি যতনত॥
পৰাণতো প্ৰিয় মোৰ মোৰ সোনকনি,
নকৰিবা তুমি তাক আলই এথানি।


* আমাৰ ৰচিত "তিৰুতাৰ আত্মদান" বা "জয়মতী" কাব্য লিখি সমাপ্ত কৰিয়েই (ইং ১৯০৮ সনতেই) এই কবিতাটি লিখা হৈছিল। ইয়াৰ পাছতেই– আমাৰ অতি আদৰৰ মাজু লৰাটিৰ মৃত্যু হয়।