পৃষ্ঠা:মানৱ জ্যোতি.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

প্ৰাণী জগত, কি সৌৰ জগত সকলোতে বৈষম্যৰ ৰূপ বিকাশ হৈছে। এই অনৈক্য আৰু বিচিত্ৰ বিকাশেই মানৱ অন্তৰত বিপুল বিষম আৰু পাৰ্থক্যৰ অনুভূতি জন্মায়।

 প্ৰকৃতিৰ লীলা-খেলা দেখি বৈষম্যৰ অনুভূতি জন্মা স্বাভাবিক। কিন্তু প্ৰকৃতিস্থ হৈ গবেষণা কৰিলে সকলো বৈষম্যৰ মাজত এটি মিলন শক্তিৰো অনুভূতি হয়। জগতৰ কাৰ্য্যকলাপ আৰু প্ৰকৃতিৰ সুনিয়ন্ত্ৰণ আৰু সুশৃঙ্খল দেখিলে সকলো লীলাৰ মাজত এটি মিলনৰ সুৰ উপলব্ধি কৰা যায়৷ এই মিলন সুৰৰ ধ্বনিয়ে অনৈক্যৰ মাজতো ঐক্য, বৈষম্যৰ মাজতো সৌম্য আৰু অশান্তিৰ মাজতো শান্তিৰ অৱতাৰণা কৰিছে। এনেকুৱা অৱতাৰণাৰ ফলত জগত একেটা সুৰে, একেটা তানে আৰু একেটা স্পন্দনে নিয়ন্ত্ৰিত হৈ প্ৰকৃতিৰ সৌন্দৰ্য্য বিকাশ মনোমোহা ৰূপ ধাৰণ কৰিছে।