পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৬

দয়া আৰু আনন্দৰ ভাৱত একাগ্ৰ হোৱা প্রয়ােজন। দয়া, আনন্দ আৰু অহিংসা ভাৱত তন্ময় হৈ সুপ্ত অবস্থাত পৰিলে বিঘিনিৰ একো আশঙ্কা নাথাকে। দয়া, ক্ষমা, পৰােপকাৰ আৰু অহিংসা এই চাৰিটি জ্যোতিৰ ৰক্ষা-স্তম্ভ। এই চাৰিটি স্তম্ভক আশ্রয় কৰি থাকিলে অনুশীলন পথত একো বিপদ ঘটিবৰ সম্ভৱ না থাকে।

 এই জ্যোতি অনুশীলন কৰিবলৈ শাস্ত্রাদিত কেতবােৰ নিয়ম প্রণালী পােৱা যায় । সেই নিয়ম প্রণালীবােৰ অনুসৰণ কৰিব পাৰিলে বহুত সময়ত সুফল পােৱা যায় । সেই নিয়মবােৰৰ ভিতৰত ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, নিন্দ্রিয়-নিগ্রহ, ধী, বিদ্যা, সত্য,আক্ৰোধ অহিংসা, দান, দয়া, ক্ষান্তি, নিৰহঙ্কাৰ, শ্রদ্ধা, প্রেম, ভক্তি আৰু প্রার্থনা ইত্যাদিয়েই প্রধান।