পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৮

বিশ্বসাহিত্যৰ লগত মিল হয়। ব্যক্তিগত সাহিত্য বিশ্বসাহিত্যৰ লগত মিল কৰিব পৰাই সাহিত্যৰ সৌন্দৰ্য্য। এই সৌন্দৰ্য্য বিকাশেই সাহিত্যৰ পূৰ্ণবিকাশ । সাহিত্যৰ পূর্ণবিকাশ হলে দেশ কাল পাত্ৰ একোৰে ভেদাভেদ নাথাকে। এনেকুৱা পূর্ণবিকাশ-সাহিত্যই বিশ্ব সাহিত্য। এই বিশ্বসাহিত্যৰ ৰস জগতব্যাপক। ইয়াৰ ক্ষেত্র বিশ্ব-জগত। ইয়াৰ চন্দ্ৰতাপ নিখিল অনন্ত আকাশ। প্রকৃতি ইয়াৰ শােভা। বিশ্ব- সৌন্দৰ্য্য়ই ইয়াৰ সৌন্দৰ্য্য। ইয়াৰ সৌন্দৰ্য্য উপভােগৰ কৰ্ত্তা চৈতন্যময় আত্মা। আনন্দ উপভােগ কৰে মানৱ হৃদয়ে আৰু মানৱ অন্তঃকৰণে। এই আনন্দ বিশ্ব আনন্দৰ লগত মিলন হৈ বিকাশ হয়। বিশ্ব আনন্দ বিকাশেই বিশ্বসাহিত্য। এই বিশ্বসাহিত্যৰ চন্দ্ৰতাপৰ তলত জাতি, ধর্ম্ম, কৰ্ম্ম, কাল, দেশ, পাত্র নির্ব্বিশেষে মানৱ মাত্রই নিজত্ব প্ৰকাশ কৰি নিজৰ জীৱন