পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৪

পূর্ণবিকাশ। চেনি যেয়ে যিমান খায় সিমানে বেচি সােৱাদ পায়। সেই দৰে যেয়ে যিমান বিশ্ব “মই”ৰ লগত নিজৰ “মই” মিলাব পাৰিছে সিমানে জ্যোতিৰ স্বৰূপ বুজিবলৈ সমৰ্থ হৈছে। মুঠৰ ওপৰত “সােহং” অর্থাৎ “তেৱেঁই মই” এই ভাবেই হৈছে জ্যোতিৰ পূর্ণবিকাশ উপলব্ধি কৰাৰ উপায়। এই পৱিত্ৰ ভাৱ যেতিয়া অন্তৰত স্থায়ী হয় তেতিয়া বহির্জগত অন্তর্জগতত দেখা যায় আৰু অন্তর্জগত বহিজগত প্রতিফলিত হােৱা দেখা যায়। অর্থাৎ ময়ে জগত আৰু জগতে মই এনে ভাব হয়।

৭। জ্যোতি আৰু সাহিত্য।

 সাহিত্য আৰু জ্যোতিৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ। সাহিত্য চিন্তাশীল জ্ঞানী ভাবুক সকলৰ চিন্তাৰসমূহ। চিন্তা মনৰ এটি অঙ্গ। মনৰ প্রবৃত্তি অনুসৰি মনৰ অঙ্গ পৰিপুষ্টি হয়। মানৱ আত্মাৰ স্ফূৰণত মনােবৃত্তি