পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৩

মানুহে যেতিয়ালৈ নিজক সময়, স্থান আৰু কাৰ্য্যৰ দ্বাৰা আবদ্ধ থকা বুলি ভাবে তেতিয়ালৈ এই আত্মাৰ সত্ত্বগুণ বিকাশ নহয় । দেহ আৰু মন আবদ্ধ থাকিব পাৰে। কিন্তু আত্মা কেতিয়াও আবদ্ধ না থাকে। এই আত্মচৈতন্যই দেহ আৰু মনক পৰিচালনা কৰি স্বপ্রকাশ হবলৈ প্রয়াস কৰে। আত্মাৰ স্ববিকাশ দৰ্শনৰ উপায় হৈছে আত্মাৰ স্বৰূপ জনা। আত্মাৰ স্বৰূপ জানিবলৈ প্রথম সােপান হৈছে দেহ-বিজ্ঞান। দেহ- বিজ্ঞানে কয় যে দেহই মনুষ্য নহয়। মনােবিজ্ঞানে কয় যে মনেই মনুষ্য নহয়। অৱশেষত বিশ্লেষণ কৰি দেখা যায় যে এই মনুষ্য“অহং” বা “মই”। এই “মই” বিশ্বময়ৰ অংশ। ইয়াৰ আকাৰ আৰু গুণ বৈশিষ্টতা নাই। এই “মই”ক আশ্রয় কৰি জীৱই নিজৰ জীৱ গুণ প্রতিফলিত কৰিছে দেহৰ ভিতৰত। মানৱ অন্তৰত যেতিয়া “মই” “বিশ্ব মই”ৰ অংশ বুলি অনুভূতি হয় তেতিয়া জ্যোতিৰ