পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্য়োতি
১৯

ভিতৰত মিলা প্রীতি থাকে। নিজৰ আত্মাৰ নিচিনা আনৰ আত্মাও একে বুলি ভাবি নিজে যেনে হলে সুখ অনুভৱ কৰা যায় তেনে সুখ আনকো দিবলৈ চেষ্টা কৰাটোৱেই সাম্যবাদৰ নীতি। মই ৰজা হৈ প্ৰজাৰ লগত বহিএকে লগে খালোঁ গতিকে মােৰ সাম্যভাৱ প্ৰতিষ্ঠা কৰা হল এনে ৰীতি সাম্যবাদৰ নহয়। মই ৰাজসুখত আছোঁ আনকো মােৰ দৰে ৰাজসুখত ৰাখিবলৈ যত্ন কৰিম। এয়ে হৈছে প্রকৃত সাম্যবাদৰ ৰীতি। খােৱা-লােৱাত সাম্যৰ ৰীতি নীতি স্থাপিত নহয়। এই সাম্য ভাৱ অন্তৰৰ সূক্ষ্ম বস্তু। এই সূক্ষ্মবস্তু মানৱজ্যোতিৰ অনুশীলনৰ দ্বাৰা উপলব্ধি কৰা যায়। মানৱ জ্যোতিৰ প্রকৃত উপলব্ধি হলে সকলোকে আত্মবৎ ভাবি জগতময় সাম্যবাদৰ পৰাকাষ্ঠা দেখুৱাবলৈ সমর্থ হােৱা যায়।

 অনুশীলন আৰু সাধনাৰ দ্বাৰা জ্যোতিৰ শক্তি ক্রমে ক্রমে বাঢ়ে। জ্যোতি শক্তিমন্ত হলে