পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৭

সকলেও নিজৰ জ্যোতিৰ প্ৰভা নদীৰ তীৰ, দেবালয়, তীর্থস্থান, মন্দিৰ, আশ্রম, আৰু গ্রন্থ আদিত গুপ্তভাৱে সঞ্চিত কৰি ৰাখে। সেই কাৰণে কোনাে কোনাে পৱিত্র স্থানত সােমালে অন্তৰত শান্তি পােৱা যায় আৰু লগতে অন্তৰত স্পন্দন হয়। এই স্পন্দনৰ কাৰণ হৈছে সন্তলােক সকলৰ জ্যোতিৰ প্ৰভাৱ আৰু ক্রিয়া-প্রক্রিয়া। এনেকুৱা ক্রিয়া-প্রক্রিয়াৰ ফলত মানৱ সমাজত জ্যোতিৰ প্ৰভাৱ বিস্তাৰ হয়। জ্যোতিৰ প্ৰভাৱ বিস্তাৰেই হৈছে জ্যোতিৰ সম্প্ৰসাৰণ।

৫৷ জ্যোতি আৰু সাম্যবাদ।

 বৰ্ত্তমান জগতত সাম্যবাদৰ প্ৰভাৱ প্ৰৱল হৈ পৰিছে। যাবতীয় সকলো বিষয়তে সমদৃষ্টি বিস্তাৰ কৰা যুগ পৰিছে। জাতি নির্ব্বিশেষে, সমাজ নির্ব্বিশেষে, দেশ কাল পাত্র নির্ব্বিশেষে সকলাে অৱস্থাতে সকলো সময়তে উদাৰতা, সাম্য, সমত্ব,