পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১১

কাৰণে মানৱ জ্যোতি বুলিলে পৰমাৰ্থিক জ্যোতিকেই বিশেষকৈ লক্ষ্য কৰা হয়। এই জ্যোতি হীৰা, মাণিক, মুকুতা আদিৰ জ্যোতিৰ দৰে চৰ্ম্ম চকুৰে দেখা নাযায়। ইয়াক সাধনাৰ গুণত লাভ কৰা দিব্য চকুৰে হে দৰ্শন কৰা যায়।

 চাউলটোৱে পতি কণটো; মানুহটোৱে পতি মনটো আৰু মনটোৱে পতি জ্যোতিটো। গতিকে মানুহৰ গুণ অনুসাৰে জ্যোতিৰ গুণ৷ গুণৰ উত্তম, মধ্যম আৰু অধম অনুসাৰে জ্যোতিও উত্তম, মধ্যম আৰু অধম হয়। পাত্ৰ ভেদে জ্যোতিৰ গুণ পৃথক হোৱাৰ লগে লগে জ্যোতিৰ ৰঙো পৃথক পৃথক হয়। বন্তিৰ পোহৰ সদায় উজ্জ্বল আৰু বগা। কিন্তু সেই বন্তি ৰঙা চিমনিৰ ভিতৰত ৰাখিলে পোহৰ ৰঙা হয় আৰু নীলা চিমনিৰ ভিতৰত ৰাখিলে নীলা পোহৰ হয়। সেই দৰে মানৱ প্ৰবৃত্তিৰ গুণাগুণ অনুসাৰে জ্যোতিৰো গুণাগুণ ওলায়। বন্তিয়ে চিম্ নিৰ ভিতৰত