পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১০

ফুটিলে পোহৰ ওলায়। জীৱজন্তুৰ চকু আন্ধাৰত জিলিকে। ঘোৰ অন্ধকাৰতো আকাশৰ পোহৰ ওলায়। গতিকে জড় পদাৰ্থ, উদ্ভিদ আৰু প্ৰাণী সকলোৰে গাত অলপ অচৰপ পোহৰ আছে। কাচৰ লণ্ঠন এটাৰ ভিতৰত বন্তি এগছ জ্বলাই দিলে পোহৰ পৰে। সেই দৰে শৰীৰক আশ্ৰয় কৰি থকা জ্যোতিয়েও পোহৰ বিকাশ কৰে। এই পোহৰৰ বিকাশ গোলাকৃতি। এই পোহৰেই হৈছে জ্যোতি। এই জ্যোতিকেই ইংৰাজীত “Aura”, উৰ্দ্দুত “নুৰ” আৰু সংস্কৃতত “ওজঃ” কোৱা হয়। এই জ্যোতি হৈছে অন্তৰৰ দীপ্তি। আৰু দীপ্তি হৈছে চৈতন্যময়। মানৱ অন্তৰত যি দীপ্তি আছে সেয়ে হৈছে মানৱ জ্যোতি।

 মানৱ জ্যোতি দৈহিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক ভাৱে বিকীৰ্ণ হবলৈ প্ৰয়াস কৰে। এই প্ৰয়াসৰ ভিতৰত আধ্যাত্মিক ভাৱে, প্ৰসাৰণ হোৱাটোৱেই জ্যোতিৰ প্ৰৱল শক্তি। সেই