পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

তত্ত্বজ্ঞ লোকসকলৰ মনত তেনে নহয়। তেওঁলোকৰ মনত সকলো একে তালে, একে মানে, একে সুৰে চলিব লাগিছে। প্ৰকৃত বিজ্ঞলোক সকলে উপলব্ধি কৰিব পাৰিছে যে জগতত গোলমাল, অভাৱ, অভিযোগ, বিলাই, বিপত্তি আছে আৰু এইবোৰ থকাটোৱেই সৃষ্টি-ৰহস্যৰ বৈশিষ্ট। কিন্তু তেনে অভাৱ অভিযোগ বিপৰ্য্যয় ধ্বংসকাৰী দুৰ্য্যোগেও সেই চিন্তন নীতিৰ তাল মান আৰু ঐক্য সুৰ লঙ্ঘন কৰিব পৰা নাই। নোৱাৰাটোৱেই সেই অজ্ঞেয় শক্তিৰ অজেয় অমূৰত্ব প্ৰমাণ কৰিছে। তাৰ অপূৰ্ব্ব সমন্বয়ৰ কাৰণেই বিশ্বব্ৰহ্মাণ্ড সুনিয়মে নিয়ন্ত্ৰিত হৈ আছে। এনেকুৱা প্ৰকৃত জ্ঞান অনুশীলন কৰি বৈষম্য ভাৱ পূৰ্ণ বিশ্ব ৰাজ্যত সৌম্যমূৰ্ত্তি উপলব্ধি কৰাটোৱেই প্ৰকৃত মানৱত্ব। এই বিশুদ্ধ জ্ঞান অনুশীলন কৰিবলৈ এটি আলম, আৰ্হি বা আশ্ৰয় লাগে। এই আদৰ্শ হৈছে প্ৰকৃতি আৰু পুৰুষ উভয়ৰে নিয়ন্তা বিশ্বখনিকৰ।