পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪১

মন-মানসত অচম্বিতে শিলাখণ্ড নিক্ষেপণ
বিক্ষিপ্ত ঢৌ-ৰাশি, জলাধাৰ ৰুক্ষ বিশৃঙ্খল।
তোমাৰ কাৰণে কেঁৱে
নুখুলিলে হৃদয়ৰ সোণৰদুৱাৰ,
শিশুৰ অমৃত-হাঁহি কল-কাকলিৰে
মুখৰ নহ’ল এটি জীৱনৰ পাৰ।
সেই সুখ দূৰণিৰ শুৱনী পাহাৰ।
তুমি চিৰশিশু জননীৰ অকৃত্ৰিম চেনেহী কোলাত
হৃদয়ত চিৰকাল অনিৰ্বাণ ঈপ্সা জ্বলে,
ভোগ-ক্লান্ত জীৱনৰ তিক্ততা বিস্বাদ
তুমি ধন্য, তাৰ সতে নাই পৰিচয়।
তুমি দেখুৱালা মোক
পৃথিবীৰ সীমা ঘেৰা
বেদনাৰ পাৰহীন নীল পাৰাবাৰ
তুমিয়ে শুনালা মোক
শৃঙ্খলিত আন্ধাৰ কক্ষত
মুক্তিৰ আলোকৰ মহা হাঁহাকাৰ;
মোৰ সুপ্ত প্ৰেম মানৱতা
জোকাৰি জগাই দিলা
মোৰ চেতনাৰ চিকুণ পটত
তুমি এক অশ্ৰুময় কৰুণ কবিতা।
ক্ৰন্দসী আকাশত ভাতৃ দ্বিতীয়াৰ জোন,
বতাহত দীৰ্ঘশ্বাস ক্ষয়িষ্ণু বেলাৰ;
ঘৰ্মাক্ত নিস্তেজ মুখ আচলেৰে মচি দিলো,
তোমাৰ শুণ্যতা জুৰি জ্বলি ৰক
মোৰ লোতকেৰে অঁকা কপালৰ মঙ্গল তিলক।

মাৰ্চ, ১৯৭৯ চন।