পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মনে যদি জুমি চাব খোজে
বিস্তীৰ্ণ এন্ধাৰে ঘেৰা কুমেৰু-সুমেৰু পথ
মই নিৰুপায়।
ছায়াঘন অৰণ্যত দুপৰৰ দুঃসহ মৌনতা,
কোনোবা পাতাল ভেদি জুৰিটিৰ ক্ষীণ কলৰৱ,
মুক্তকেশী কুহকিনী ৰাতিৰ মায়াই
মোক যেন মাতি লৈ যাব
দুৰ্জ্জেয় ৰহস্যময় গোপন পুৰীৰ পিনে
সোণকাঠি পৰশত, য'ত সুপ্তিমগ্না ৰাজকুমাৰীৰ
মনাকাশ অৰুণাভ হয়।
সপোনৰ ৰং সানি
প্ৰতি পুৱা সযতনে মালিকা গাথিলোঁ ক’ত
প্ৰতি সন্ধা লেৰেলি শুকায়,
তুলসী তলৰ মোৰ নিমজ হাতৰ চিন
প্ৰতিজাক বৰষুণে মচি থৈ যায় ,
মোৰ জন্ম, মোৰ কৰ্ম ধুই-মচি নিও বুলি
কালৰ প্লাৱন সৌৱা আহে বাহু মেলি ,
মোক অকণি আশ্ৰয় লাগে
হে পুৰুষ, অবিনাশী তোমাৰ প্ৰজ্ঞাৰ।
অমৃত-সন্ধানী স্বামী, মোকো লৈ বলা সেই পথে
ধূলি আৰু ধৰণীৰ শেষ হৈ গলে
য’ত বিৰাজে আলোকচ্ছটা শাশ্বত সূৰ্য্যৰ;
দেহাতীত মোৰ তৃষ্ণা
লীন হৈ সেইদিনা তোমাৰ তৃষ্ণাত
ফুলাব যি শতদল মৃত্যু তাৰ নাই।
মহা শূণ্যৰ বুকু পূৰ্ণ কৰি উঠিব ঝংকাৰি
দ্বৈত-কণ্ঠত সেই মহা অভীপ্সাৰ গান-
‘সত্যম, শিৱম, সুন্দৰম'।

১৯৭১ চন।