ভা ফ ভা ফ ভা ŵ 5 ŵ 5 51 ফ 00 00 00 00 00 00 00 00 00 00 মহৰী হজুৰ, মই বাট নেজানিলে ইয়ালৈ কেনেকৈ আহিলোঁ? মই বাট চিনি পাওঁ। ঠিক কথা, বাটত মানুহ নাছিল। আহোঁতে গাধা এটাহে চৰা দেখিছিলোঁ। হজুৰৰ কথা গোলামে এতিয়াহে বুজিলোঁ। টুমি হিৰাডুবিকে গা-ঢা আছে। (তলমুৰকৈ) হয়, হজুৰ! মালীক গৰীপন মা-বাপ। যি খুচি তাকে (খঙেৰে) টুমি মোক গালি দিছে? (ভয়েৰে) সি, হজুৰ! মই তেনে কথা ক’ম? সেইদৰে ক'লে গোলামে মনত বৰ বেজাৰ পাওঁ। টুমি কৈছে, টুমি গাড়া আছে, মই টোমাৰ মালিক আছে। মই কি ডুবি আছে? আৰু টুমি কৈছে, মই তোমাৰ মা-বাপাছে। মই কি জানুৱাৰ গাড়া আছে? (ভয়ে ভয়ে) মই বোলোঁ, হজুৰ! মা-বাপ, যি খুচি কক, এইদৰেহে কৈছিলোঁ। আচ্ছা, টুমি কাম কৰিব লাগে। ভাল হজুৰ! গোলাম ৰাজী আছোঁ। কাল মহৰী বাবুৰ গট কুছ ডুক নাই ফাইছে? হুকেৰে আছিলে? হয় হজুৰ! খুব সুখেৰে আছিলো। এটিয়া টুমি ডেকিলে? মোৰ বাগিচাত বুট নাই আছে। মানুহ আছে। বাৰু, টুমি পহিলা চা-গকট কাম হিকিব লাগে। মই টোমাক কাম হিকাম, বুজিলে? ভাল, হজুৰ! মই ছোট সাহেবকে টোমাৰ কটা কাল কৈছোঁ, টুমি এটিয়া চা-গক যাব লাগে। মই কি জানি পাছে যাব ফাৰে। বুজিছে? আভি টুমি যাও। (চেলাম দি) গোলাম তেন্তে এতিয়া যাওঁ, হজুৰ! (ভাবিৰাম গুচি গ'ল) ভা ফ ভা ফ ভা ŵ 5 ŵ 5 W ফ ভা ফ G ৩০
পৃষ্ঠা:মহৰী.pdf/৩৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই