মা F W . ফ মা ফ 21 41 মা ফ মা ফ মা 41 ফ মা ফ 2 41 মা 00 00 00 00 00 মহৰী তই বৰ টেঙৰ অ’! মই কিবা সোজোঁ বুলি তই কেনেকৈ গম পালি? তোমাৰ মনত আছে? ঐ ৰোজ হোনাৰী আহিছিল, টুমি গেজেৰা আৰু টুৰিয়া কৰিড কৰিবৰ কাৰণে, মোক টুমি আজিৰ নিচিনা বহুট মিটা মিটা কটা কৈছিলে। হেইগুণে মই জানিছে, আজ টোমাৰ কোনো বষ্টুৰ ডকাৰ হ'লে হ'ব ফাৰে। হয়, অ! তোৰ সোলসালিয়েৰ কালিয়েই আহিল। তাৰ হেনো পিন্ধিবলৈ কাপোৰ-কানি নাই, এসাজ গুণাইছে। তই ভাল বুলি আমাৰ গাঁৱত সকলোৱে কোৱা-মেলা কৰে। সিবেলি মই ঘৰলৈ যাওঁতে দেখিলোঁ আটাইমসা গাঁৱৰ মানুহে তোক আশীৰ্বাদ কৰি থাকে। টুমি কি কৈছে মোৰ “হোলহালি” আহিছে? “হোলহালি” নহয়, “সোলসালি”। তহঁতিৰ বগা বেঙালে ‘খেলা' বোলে। অ' জানিছে। তোমাৰ বাই আছে। মোৰ স্বালা আছে। টুমি মোৰ স্বালা চাহেবক মাটি আনিব লাগে। মই কি জানি মৰম কৰিব ফাৰে। তই মৰম নকৰিলেনো কোনে কৰিব। আমাৰ সেতি-পাথাৰ সকলোভোৰ তয়ে। টুমি গান গাব ফাৰে? তহঁতিৰ বেঙেলুৱা গান গাবেলে নেজানো। আমাৰ “বনঘোষা” হ'লে গাব পাৰোঁ৷ এতিয়ান আকৌ মেমচাহেব হবৰ পেৰা সেইভোৰ গাবেলেকো লাজ লাগে। ইয়াত ডুচা আডমি নাই আছে। টুমি মোক বৰ ভাল ফায়, একটা গাব লাগে। এতিয়া মোৰ ভোক লাগিছে নহয়? থক, পাছে মই তোক গাই শুনাম। এতিয়ান ভাত সাবলৈ যাওঁ, তই বেয়া নেপাবি দেই। মেমচাহেব! টুমি যদি কং নকৰে, মই একটা কটা হুডিব খুজিছে। ক, আকৌ সং কৰিম কেলেই? ২৭
পৃষ্ঠা:মহৰী.pdf/৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই