এহি বুলি হনুমন্তে গুণে মনে মনে।
জল বায়ূ অগ্নিত ৰামৰ অপতন॥
ডাহিন চক্ষু ডাহিন ভূজ ফন্দি গৈল।
মৎস্য ৰঙ্গা পক্ষী এক দৰশন পাইল॥ ৩৪॥
এহি বুলি হনুমন্তে গৈলা ধীৰে ধীৰে।
কতোক্ষণে পাইলা যাই সাগৰৰ তাৰে॥
মৎস্য ৰঙ্গা পক্ষীৰ চাপিল সন্নিহিত।
বুলিবে লাগিলা বীৰে বচন উচিত॥ ৩৫॥
হনুমানে বোলে শুনা পক্ষী সূচৰিত।
ৰামৰ কাহিনী তুমি জানাহা বহুত॥
তুমি যদি পাৰাহা ৰামৰ বাৰ্ত্তাদিত।
আমিও তোমাৰ তেবে চিন্তিবোহোঁ হিত॥ ৩৬॥
হেন শুনি জল চৰ পক্ষী বোলে বাণী।
তিনিয়ো যুগৰ কথা জানোহো আপুনি॥
যেন দেখিলোহোঁ আমি কহিবো তেনয়।
মধ্য নিশাভাগে আছো অধো মুখ হুই॥ ৩৭॥
মৈৰাৱণে ৰাম লক্ষ্মণক লৈয়া যাই।
বাপ হনুমন্ত তুমি নকৰা সংশয়॥
হৰিয়া নিলেক দুষ্টে পাতাল পুৰক।
সমস্তে বৃতান্ত কথা কহিলো তোমাত॥ ৩৮॥
হনুমম্ভে বোলে আবে কৰো কোন বুদ্ধি।
কেনমতে পাতাল পুৰক কৰো শুধি॥
পুনৰপি বোলে হনুমন্ত মহা কায়।
শুনিয়োক জলচৰ পক্ষী সমুদায়॥৩৯॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )