শুনিয়া ব্যাকুল ভৈলা বিভীষণ ৰায়।
কিবা বুদ্ধি কৰো আবে কি কৰো উপায়।
ষাঠী লক্ষ ৰাজা কোটি লক্ষ প্ৰজাগণ।
ব্যাকুলিত হৈয়া সবে কৰন্ত ক্ৰন্দন॥ ১৬॥
সিবেলাত ক্ৰন্দন উঠিল বহুতৰ।
কোলাহল ভৈল সিতো সুবেল নগৰ॥
বেলা অৱশেষ ভৈলা ৰজনী আসিলা।
বিষাদ ত্যজিয়া সবে যুক্তি আলোচিলা॥১৭।
চতুৰ্দ্দিশে বেঢ়িয়া ৰৈলেক কপীগণ।
দ্বাৰত নিৰ্ভয়ে ৰহিলন্ত হনুমান॥
ৰাম পাৱে বিভীষণ শৰণ পশিলা।
চতুৰ্দ্দিকে দুই ভাইক আবৰি ধৰিলা॥১৮॥
সুবেল গিৰীত ৰাম ৰৈলা বিদ্যমান।
পালি প্ৰহৰীয়া থাপিলন্ত থানে থান॥
সুগ্ৰীৱ অঙ্গদ হনুমন্ত বীৰ বৰ।
বিভীষণ নল নীল জাম্বৱন্ত বীৰ॥১৯॥
নিয়োজিলা পালী প্ৰহৰীয়া ঠাই ঠাই।
দুৰ্ব্বাৰ ৰাক্ষস মায়া বুজন নযাাই॥
মৈৰৱণ নামে দুই ৰাৱণ তনয়।
পাতাল পুৰীত যেবে থাকে দুৰাশয়॥২০॥
সেতু বান্ধি সাগৰে সসৈন্যে ভৈলা পাৰ।
শ্ৰীৰাম লক্ষ্মণ দশৰথৰ কুমাৰ॥
পায়া মহা বিস্ময়ক ভৈলা উপসন্ন।
ৰামৰ ছিদ্ৰক চাই কৰয় যতন॥ ২১॥