( ৩ )
পাতালক লাগি দুইকো হৰি লৈয়া যাইবো।
বেতাল চণ্ডীৰ আগে বলী নিয়া দিবো॥
এতেক কহিল যদি দুষ্ট নিশাচৰ।
ধন্য বুলি প্ৰশংসা কৰিলা লঙ্কেশ্বৰ॥ ১০।
ৰাৱণৰ কথা যত এহি মানে থওঁ।
সুবেলত যিকৰিলে তাৰ কথা কওঁ॥
সভা কৰি বসি আছে ৰাম যে লক্ষ্মণ।
বিভীষণ, নল, নীল, আৰু জাম্বুবান॥ ১১
সুগ্ৰীব প্ৰমুক্ষে যত আছে কপীগণ।
ৰাৱণ নিধনে সবে কৰে আলোচন॥
গণনাত জাম্বুবানে বুঝিলে সকল।
ৰাম লক্ষ্মণক আজি নিবে ৰসাতল॥ ১২
সবাকো কহয় জাম্বুবান মহাবীৰ।
পাতালক হন্তে আসি আছে মহীবীৰ॥
হনুমান লঙ্কাক যাওক এতিক্ষণ।
বুঝিয়া আসোক কিবা কৰে আলোচন॥১৩।
হেন শুনি হনুমান কাক ৰূপ ধৰি।
লঙ্কাত প্ৰবিষ্ট ভৈলা অতি শীঘ্ৰ কৰি॥
সবৃতান্ত বুজি হনু আসিলা ত্বৰিত।
কহিবে লাগিলা কথা অতি বিপৰীত॥ ১৪॥
নিদ্ৰা বানে সবাকো কৰিয়া অচেতন।
পাতাল পুৰক নিবে কৰয় যতন॥
উপায় চিন্তিয়ো আবে সেনা সমুদায়।
কোন মতে দুষ্টে লঙ্ঘিবাক নপাৰয়॥ ১৫॥