পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪২ )

নমো জয় জগজীৱ ৰাম হৃষিকেশ।
স্বৰ্গলোকে অনাদি মৰ্ত্ত্যত ৰঘুবেশ॥ ২২৪॥
জনম প্ৰভৃতি আজি বৰ দুখ পাইলোঁ।
তোমাৰ প্ৰসাদে আজি অসুৰ বধিলোঁ॥
কৰিল অনেক শুৱ পৱন-নন্দন।
কৰিলা প্ৰণাম পাছে ৰামৰ চৰণ॥ ২২৫॥
আশীৰ্ব্বাদ কৰি বোলে ৰাম যে লক্ষ্মণ।
তোমাৰ কাৰণে বাপ পাইলোঁ হে জীৱন॥
তোতপৰে আমাৰ সুহৃদ কোনো নাই।
সৰ্ব্বদায় ফুৰিবোঁ তোমাৰ গুণ গাই॥ ২২৬॥
হেনশুনি হনুমান আনন্দিত মন।
ৰাম লক্ষ্মণক লই কৰিলাঁ গমন॥
দুই দিনে সুবেলত উপস্থিত ভৈলা।
সৈন্য সৱে যেন পুনৰপি প্ৰাণ পাইলা॥ ২২৭॥
শুনা সৰ্ব্বজন ইটো ৰামায়ণ কথা।
হৰিৰ কীৰ্ত্তন জানি নকৰা অন্যথা॥
জানিবা কলিত ৰাম বিনে গতি নাই।
এতেকতে ৰাম ৰাম ঘুষিয়ো সদাই॥ ২২৮॥
নৰ মাত্ৰে জীৱনত আছে কোন কায।
ৰাম ৰাম বুলি বৈকুণ্ঠক হোৱা সাজ॥
শ্ৰীচন্দ্ৰ ভাৰতি ভণে এৰা আন কাম।
পাকত চাৰোক ডাকি বোল ৰাম ৰাম॥২২৯॥

সমাপ্ত।