ক্ষীণ ভৈল বল দেখি পৱন নন্দন।
দেৱগণে দেখিয়া বিষাদ ভৈল মন॥ ২১১॥
অচেতন হেন দেখি বায়ুৰ নন্দন।
গৰ্ভাসুৰে বোলে আৰ শঙ্কলিলোঁ প্ৰাণ॥
বনৰ বানৰ পাপী অতি দুৰাচাৰ।
মোৰ বাপ মাৱক মাৰিলি কুলাঙ্গাৰ॥ ২১২॥
আবে কি কৰিবি তোৰ হৰাবে জীৱন।
আজিসে তোহোক মাৰি নিবোঁ যম-থান॥
বাপৰ মাৱৰ ঋণ শুজিবোঁ সকল।
মোহোৰ হাতত পৰি যম ঘৰে চল॥ ২১৩॥
তপসী দু-ভাইৰো আজি সাধো প্ৰতীকাৰ।
শুনি হনুমন্তে অতি ক্ৰোধে চমৎকাৰ॥
নিৰ্য্যান দেখিয়া বোলে ৰাম হৃষিকেশ।
শুনা বাপু হনুমন্ত মোৰ উপদেশ॥ ২১৪॥
আমাক মনত তুমি কৰিয়ো চিন্তন।
তোমাৰ গাৱত বল হইব তেতিক্ষণ॥
অগনি জ্বালিয়া তাৰ পুড়িয়ো নগৰ।
ৰাজাৰ বিচিত্ৰ খাট পাট নিৰন্তৰ॥ ২১৫॥
পুড়ি ভস্ম কৰা তাৰ সকলে নগৰ।
তষু পিতা বানুক সুমৰা মহাবীৰ॥
লাঞ্জ পাতি থাকা বায়ু আনি দেওক চায়।
সেহি ভস্ম গাৱে দিয়া বধা দুৰাচাৰ॥ ২১৬॥
হেন আজ্ঞা শুনি হনুমন্ত মহাবল।
তেখনি চিন্তিলা ৰাম চৰণ যুগল॥
দশ ওণে বল ভৈল ৰাম সুমৰণে।
এক বল দিয়া উঠিলন্ত হনুমানে॥২১৭॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৪২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)