এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)
তাহাত তৰিলোঁ, সকলে কৰিলো,
আবে কৰোঁ কোন কাম।
গৰ্ভাসুৰ সিন্ধু, নাৱক বুৰাও,
ৰক্ষা কৰা প্ৰভু ৰাম॥
ইহাৰ বাপেকে, মৈৰাৱণ গৈয়া,
ৰাম লক্ষ্মণক পাই।
মায়া নিদ্ৰা-বানে, সৱাকো মুহিয়া,
হৰি নিলে তাৰ ঠাই॥ ১৯৪॥
পাছে কান্দি কান্দি, বিচাৰি ফুৰিয়া,
পক্ষীত উপায় পাইলোঁ॥
ৰামৰ প্ৰসাদে, পাতাল পুৰত,
মালিনীৰ লগ পাইলোঁ॥
পাছে বৰ বৃদ্ধ, দ্বিজৰূপ ধৰি,
বচনে আশংসা কৈলোঁ৷
তাত বাৰ্ত্তা পাই, কতোক্ষণে যাই,
ৰাম লক্ষ্মণক পাইলোঁ॥ ১৯৫॥
মাক্ষীৰূপ হুই, কৰ্ণ পথে কই,
দু-ভাইৰ শঙ্কা গুচাইলোঁ।
তৈৰহন্তে আসি, বেতাল চণ্ডীক,
লাঙ্গুলে মেঢ়াই ধৰিলোঁ।
দেৱীৰূপ হয়া, আসনে বসিয়া,
দ্বাৰীত বাৰ্ত্তা জনাইলোঁ।
বজ্ৰহস্ত পাতি, খাণ্ডাক ভাঙ্গিলোঁ।
বৰ ভয় দেখুৱাইলোঁ॥ ১৯৬॥