উপজীয়া বোলে কৈক গৈলেক বানৰ।
শীঘ্ৰ কৰি তাহাক পঠাওঁ যম ঘৰ॥
এহি বুলি মহাবীৰ বায়ু বেগে ধাইল।
কতো দূৰ অন্তৰে হনুক ভেট পাইল॥ ১৭২॥
খেদি আসি অসুৰে হনুক দিলাধাৰ।
মোৰ বাপ মাৱক নাৰিলি দুৰাচাৰ॥
মোক যুদ্ধ নিদি তই কিসক পলাস।
মোৰ বাপ মাৰি তই সেন্থৰে নৈৰাশ॥ ১৭৩॥
হেন শুনি হনুমন্তে চালিলন্তগাৱ।
পাচত কোনবা গোটে মোক দেই ৰাৱ॥
ৰামক বোলন্ত প্ৰভু নামা এতিক্ষণ।
যুঝিবাক লাগিমই হওঁ সাবধান॥ ১৭৪॥
বাপৰ মাৱৰ সাধিবোহোঁ প্ৰতীকাৰ।
আগবাঢ়ি গৈল পাচে পৱন কুমাৰ॥
দুয়ো দুইক বীৰত্ব বুলিল বহুতৰ।
হনুমানে বোলে তোক পেশোঁ যমঘৰ॥ ১৭৫॥
এহি বুলি মহাবীৰ বায়ু, বেগে ধাইল।
নিমিষেকে গৈয়া অসুৰক লাগ পাইল॥
ছণ্ড বন্ধ দুই হন্তে জানয় বহুতৰ।
খনো তল হোৱে কতো হোৱন্ত ওপৰ॥ ১৭৬॥
যিথানত পড়ে দুইৰো চৰণ প্ৰহাৰ।
সৰোবৰ সম হোৱে বহল বিস্তাৰ॥
অনন্তৰ গৰ্ভাসুৰে কোপ কৰিবড়।
হনুৰ হৃদয়ে বৈসাইলেক মুষ্ঠি দৃঢ়॥ ১৭৭॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)