পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

শুনিয়া গোসাইৰ মনে মিলিল সন্তাপ।
কতেক সহিবো আৰ পাপীষ্টৰ তাপ॥ ১২৭॥
ৰামৰ চরণে সবে কৰিয়োক সেৱ।
গুণি চোৱাৰাম বিনে আছে কোন দেৱ॥
পৰম পুৰুষ দেৱতাৰো দেৱহুই।
সংসাৰী জনৰ প্ৰভু দেখন্ত বিলাই॥ ১২৮॥
নাৰীৰ সঙ্গত নুহিবেক কোন গতি।
আকে জানি বিষয়ত হুয়ো বিৰকতি॥
অনন্ত শকতি ৰাম অতৰ্ক্য মহিমা।
ষাৰ মায়া বিভৱৰ নাহিকয় সীমা॥ ১২৯॥
যাহার মহিমা গুণ বেদে অগোচৰ।
কহিবে নোৱাৰে তাক শেষ ব্ৰহ্মা হৰ॥
হেনজানি বিষয় বিলাস তেজিয়োক।
নিৰন্তৰে নৰে ৰাম ৰাম ঘুষিয়োক॥ ১৩০॥

লেচাৰি।

হাহা প্ৰাণ ভ্ৰাতৃ লক্ষ্মণ,  তোমাক চাহান্তে দহে প্ৰাণ।
 সীতাতো কৰিয়া লক্ষ গুণে ভৈলাচাৰ॥
পিতৃ মাতৃ ভ্ৰাতৃ ৰাজ্যভাৰ,  সবে ত্যজি মোক কৰি সাৰ।
 একেলগে আজি মৰণ হোৱে দুভাইৰ॥ ১৩১॥