পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

সৰ্ব্বকালে বাপু মোৰ তোমাতেসে আশ।
অপাৰ সাগৰ তৰি গৈলা সীতা পাশ॥ ৭৩॥
ভুঞ্জিলা কলমউ ফল লঙ্কা কৰি ছন্ন।
অক্ষয়ক বধিলা অপাৰ সেনাগণ॥
পুৰিলাহা লঙ্কা ছন্ন কৰিলা ভণ্ডাৰ।
হেলায় মাৰিলা সেনা ৰাক্ষস অপাৰ॥ ৭৪॥
অনেক শিলাক আনি বান্ধিলাহা সেতু।
বিশ্ব কৰ্ম্মা সুতে এৰে কিছু নুহি হেতু॥
অত মান পৰাক্ৰম কৰি আছা তুমি।
ই বেলি আমাক বাপু ৰাখিয়ো আপুনি॥ ৭৫॥
অবিলম্বে হুইবে হেৰা আমাৰ মৰণ।
সীতাৰ নিমিত্তে দুই ভাইৰ যাই প্ৰাণ॥
এহি বুলি সন্তাপ কৰন্ত ৰাম দেৱ।
তোত পৰে বাপু হনুমন্ত নাহি কেৱ॥ ৭৬॥
হেনয় কাৰুণ্য শুনি বীৰ হনুমান।
বিকল হৈলেক আতি নসহে পৰাণ॥
ধিক ধিক আছোক মোহোৰ বাহুবল।
স্বামীৰ কাৰ্য্যত যদি মৰোঁ তেবে ভাল॥ ৭৭॥
এহি বুলি হনুমন্তে মাক্ষীৰূপ ধৰি।
ৰামৰ উৰুত গৈয়া তেতিক্ষণে পৰি॥
উৰুত অনেক ভাৰ পায়া বল ভৈলা।
লক্ষ্মণক চাই ৰামে বচন বুলিলা॥ ৭৮॥
দক্ষিণ উৰুত মই কিছু বল পাওঁ।
আসিলেক হনুমন্ত হেন মনে লওঁ॥