হেন শুনি হনুমানে দিলা সমিধান।
এক গোটা কল জানা অমৃত সমান॥ ৬১॥
কলা হেন বস্তুইতো দুৰ্ল্লভ আমাৰ।
সিকাৰণে নু গুছাইলোঁ বাকলি কলাৰ॥
দধি চিৰ ভুঞ্জি বীৰে মহাতুষ্ট মনে।
পুনু মালিনীত পুছে মধুৰ বচনে॥ ৬২॥
শুনিয়ো মালিনী তুমি আমাৰ বচন।
কাক লাগি মালা তুমি গান্থা এতিক্ষণ॥
মালিনী বদতি গুৰু শুনিয়ো আতাই।
বেতাল চণ্ডীব আমি ফুলক যোগাই॥ ৬৩॥
বন্দি কৰি আনি পাছে তপসী দোভাই।
ৰাম লক্ষ্মণ দুইকো ৰূপে সমনাই॥
কালি বলী দিবে তাঙ্ক ৰজনী প্ৰভাতে।
বন্দি কৰি থৈয়া আছে দক্ষিণ দ্বাৰতে॥ ৬৪॥
এহি বুলি মালিনীয়ো কৰিলা গমন।
হনুমন্তে আপুনি গুণয় মনে মন॥
কেনে কৰ্ম্ম কৰোঁ আবে কৈক লাগি যাওঁ৷
ই দুখ সাগৰ মই কিমতে এড়াওঁ॥ ৬৫॥
মনে জিজ্ঞাসিয়া বোলে ৰাম পাশে যাওঁ।
আগে তান সনে বাই প্ৰবোধ কৰাওঁ॥
এহি বুলি হনুমন্তে গমন কৰিল।
কাক ৰূপ ধৰি যাই আগতে পৰিল॥ ৬৬॥
ৰাম লক্ষ্মণ একেলগে আছে দুই।
নাগ পাশে বন্দী হুই আছে দুই ভাই॥
২