পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

পাত্ৰ মন্ত্ৰী গণ,   কৰি ৰঙ্গমন,
 সবে চিন্তি আছে মোক।
হনুমন্তে গৈয়া,   প্ৰভুক আনিব,
 আমাৰ গুছাইব শোক॥
পৱন নন্দনে,   গুণি মনে মনে,
 ক্ষণিক স্তম্ভিয়া ৰৈলা।
সন্তাপ অন্তৰে,   গৰ্ভৰ ভিতৰে,
 মনে সদা বুদ্ধি পাইলা॥ ৫৩॥
হেথ মাথ কৰি,   ধীৰে কাঢ়ে ভৰি,
 মনে মনে চলি যান্ত।
মুণ্ড তুলি চাই,   নগৰ কাষত,
 গ্ৰাম এক দেখিলন্ত॥
শুনা সভাসদ,   ৰামায়ণ পদ,
 চিত্ত কৰি উপশম।
কৈত যাই প্ৰাণ,   তাৰ নাহি থান,
 ডাকি বোলা ৰাম ৰাম॥ ৫৪॥

পদ৷

পাচে হনুমন্ত বীৰে চতুৰ্ভিতি চাই
পাতাল পুৰৰ কথা কহন নযাই॥
দিশ পাশ একোয়ে নজানি পূৰ্ব্বাপৰ৷
পশ্চিম দিশক পাচে গৈল বীৰবৰ॥