পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )


মোক যেবে নিবে পাৰা পাতাল পুৰক।
অৱশ্যেকে উপকাৰ কৰিবো তোমাক।৷
সত্বৰে নিয়োক মোক পাতাল পুৰক।
উধাৰো ৰামক মই মাৰি পাপীষ্টক॥৪০॥
বিলম্ব নকৰা তুমি পক্ষী সুচৰিত্ৰ।
ঈশ্বৰে পূৰিবে তোৰ মনৰ বাঞ্চিত॥
মৎস্য ৰঙ্গা বোলে হনুমন্ত মহাবীৰ।
তিনি প্ৰহৰৰ পথ দেখোহো শৰীৰ॥৪১॥
পাতাল পুৰক মই নিবাক নপাৰোঁ।
আচোক নিবাক মই গাৱ দেখি মৰোঁ॥
হেন শুনি হনুমন্তে কৰিলন্ত মায়া।
মক্ষিকা স্বরূপ ভৈলা হ্ৰস্ব কৰি কায়া॥ ৪২।৷
দেখি মৎস্য ৰঙ্গাৰ হাৰষ ভৈলা মন।
আপোনাৰ কাখতলে লৈলা তেতিক্ষণ।৷
এক বুৰে পাইলা গৈয়া পাতাল পুৰক।
বোলে হনুমন্ত তুমি যায়ো নগৰক॥ ৪৩॥
পক্ষীৰ বচন হনুমন্তে শুনিলন্ত।
চাৰিও দিশক চক্ষু মেলি চাহিলন্ত॥
মৎস্য রঙ্গা বোলে প্ৰভু যাওঁ নিজথানে।
তোমাৰ প্ৰসাদে প্ৰভু ৰাখো নিজপ্ৰাণে॥৪৪॥
দিয়োক মেলানি মই শীঘ্ৰে বেগে যাওঁ।
তোমাৰ প্ৰসাদে পুঠি চণ্ডামাছ খাওঁ।৷
হেন শুনি হনুমানে গুণে মনে মনে।
ইহাক পঠাওঁ যদি মোক নিবে কোনে॥৪৫।৷