পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬০)
মহিলা কীৰ্ত্তন।

গঙ্গাতে গঙ্গামাৰ কাশীতে বিশ্বেশ্বৰ
 উৰেষতে জগন্নাথদেৱ।
বলোভদ্ৰ কৃষ্ণ শুভদ্ৰা ভগিণী
 তিনিকো কৰিছো সেৱ॥

⚊⚊⚊
(৩)

কৈলাসৰ শিখৰত শিৱ শুতি আছে
 প্ৰভাতে গৌৰা জগাই।
উঠা শীঘ্ৰ কৰি বিলম্ব নকৰি
 ঘৰত খুদকণ নাই॥
চাঙৰে চিৰাকে আনা পাৰেবতী
 দুযো একেলগে খাওঁ।
জুলি জোলোঙা আনা পাৰেবতী
 ভীক্ষা মাগিবলৈ যাওঁ॥
ভীক্ষাৰ ভাতেৰে পেটকে নভৰে
 নিয়ৰে নভৰে হাডি।
যিদিনা মহাদেৱ ভীক্ষালৈ নগলে
 টেকেলি হৈ থাকে কাতি॥
আজিৰো সাজটো গোটোৱা পাৰ্ব্বতী
 ধাৰে উধাৰে আনি।