পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)
মহিলা কীৰ্ত্তন।


(পদ) সমস্ত ভূতৰ। অ হৰি নাৰায়ণ,
 তুমিসে আতমা, অ হৰি নাৰায়ণ,
 হৃদয় পৰম গুৰু
 তথাপি সেবাৰ, অ হৰি নাৰায়ণ,
 কৰা যেন কল্পতৰু॥
 কিমতে ভকতি, অ হৰি নৰায়ণ,
 কৰো পঞ্চেন্দ্ৰিয়, অ হৰি নাৰায়ণ,
 পঞ্চ দিকে লাগি ধৰে।
 যেন গৃহস্থক, অ হৰি নাৰায়ণ,
 অনেক সপত্নী, অ হৰি নাৰায়ণ।
 সকলে আকুল কৰে॥
(ঘোষা ভাঙ্গি দিব)

(ঘোষা)

কংশৰ ভয়ত পলুৱাই থৈছে নন্দ যশোদাৰ ঘৰে
}}
(পদ)  ভৰ বৈতৰণী মাজে মজিলোহো
 নেৰে মোক শোক ভয়।
 তোমাৰ চৰণে শৰণ লৈলোহো
 কৃপা কৰা কৃপাময়॥
 মায়ায়ে মোহিত হুৰা যিটে। জন
 নভজে প্ৰভু তোমাক।