পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মহিলা-কীৰ্ত্তন।

(৩)

মোৰ সম পাপী লোক নাহিকে ইতিনি লোক
 তুমি সম নাহি পাপ হাবী।
ইজানি গোবিন্দ মোক যেন জুৱাই কৰিয়োক
 তুৱা পদে কৰোহো গোহাৰি॥
সহশ্ৰ সহশ্ৰ আতি   অপৰাধ দিনে ৰাতি
 কৰো মই মহা মূঢ় জন।
আমি প্ৰভু তযু দাস   আকে জানি ভগৱাস
 ক্ষমিয়োক শ্ৰীমধুসূদন॥


(৪)



ধৰ্ম্মক জানোহো মই   তথাপি প্ৰবৃত্তি নাই
 অধৰ্ম্মতো নিবৃত্ত নোহয়।
হৃদি স্থিতি হুৱা তুমি  যেন কৰাইবাহা স্বামী
 হৃষীকেশ কৰিবো তেনয়॥
নজানোহো আবাহন  নজানোহো বিসৰ্জ্জন
 পূজা মন্ত্ৰ নজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ  দাস ভৈলো চৰণৰ
 মোৰ গতি সাধিবে উচিত॥