পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)
মহিলা কীৰ্ত্তন।


মনুষ্য লোকত  এই খানে মাত্ৰ
 পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥

(৫)


(ঘোষা) শাস্ত্ৰৰ উত্তম  গীতা ভাগৱত
 ধৰ্ম্মব উত্তম নাম।
দেৱৰ উত্তম  দৈৱকী নন্দন
 চৰণে কৰো প্ৰণাম॥
(পদ) শ্ৰৱণ কীৰ্ত্তন  স্মৰণ বিষ্ণুৰ
 অৰ্চ্চন পদ সেৱন।
দাস্য সখিত্ব  বন্দন বিষ্ণুত
 কৰিব দেহ অৰ্পণ ॥
নৱ বিধ ভক্তি  বিষ্ণুত আচৰে
 এহিসে পাঠ উত্তম।
হেন শুনি পাছে হিৰণ্য কশিপু
 কোপে কাম্পে যেন যম ॥
প্ৰহলাদে বোলন্ত  শুনিয়োক তাত
 বিষয়ৰ নাহি গতি।
গুৰু উপদেশে  আপোনাত হন্তে
 নোপজে কৃষ্ণত ৰতি ॥
বৈষ্ণৱক যাৱে  নকৰে উপাসা
 মোহে অন্ধ মূঢ় মতি।
শুনা পিতৃ তেবে  কৃষ্ণৰ চৰণে
 নোছোৱে তাহাৰ মতি॥