পৃষ্ঠা:মহাসতী জয়মতী.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
মহাসতী জয়মতী


আকাশী গীত।

বসন্ত কালৰে আমৰে ডালি, নাচিছা কুলি কি শুৱনী।
নেদেখা-নুশুনা ভঙ্গিমা আজি দেখোৱা সৰগী নাচনী॥
এই নাচোনতে হালি-জালি নাচি শত নৰ-নাৰী ফুৰিছে।
আহিছা ধৰালৈ তুমিয়ে নে কুলি ত্ৰিদশ দেৱৰ পাচনি॥
মানবী সমাজ আউলি-বাউলি উঠে খলকনি বেমেলি
সৃষ্টি-ৰাগিনী হেঁচা পৰি আছে, নুশুনি এবেলি একণি।
কণ্ঠ তুলি কুলি ৰাগিনী গোৱা মানবী সমাজত আজি।
বুজিব এধানি মায়াৰ কাহিনী, বাতৰি শুনি ধৰণী॥

ছায়াময়ী মূৰ্ত্তিৰ অন্তৰ্দ্ধান।

 মহাসতীৰ মহা প্ৰয়াণ মিলিল। ১৬০১ শকৰ ( ইং ১৬৭০ চন ) চতৰ ১৩ তাৰিখৰ দিনা জয়মতীৰ স্বৰ্গাৰোহণ হল।

চতুদশ আধ্যা
লৰা ৰজাৰ পতন—

 লৰা ৰজাৰ উৎপাত যেতিয়াই আৰম্ভ হল, গদাপাণিয়ে পোন প্ৰথমে বগী পোহাৰীৰ ঘৰত আশ্ৰয় ললে। এওঁ জাতত মুছলমান আছিল। এওঁ গদাপাণিক নিৰ্ভয় দিলে আৰু ক’লে “আপুনি যে মোৰ ঘৰত আহি আছে হি, এই কথাৰ ফুট কোনো মানুহে নেপায়”। তেওঁ আতৌ-পুতৌকৈ