পৃষ্ঠা:মহাসতী জয়মতী.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹


 সুধী সমাজে এই পুথিখনি সাদৰে গ্ৰহণ কৰিলে মোৰ শ্ৰম সাৰ্থক মানিম। এই পুথিখনি লিখা বহুত দিনেই হল। প্ৰকাশৰ অসুচলৰ বাবে ইমান দিন ধোৱাঁচাঙত পৰি আছিল। বৰ্ত্তমান মোৰ অতি মৰমৰ কন্যা শ্ৰীমতী জীউতৰা ভঁৰালী আইদেৱে নিজ খৰচেৰে ছাপা কৰাবলৈ উপযাচি গাত লোৱাত সঁচাকৈ মোৰ হিয়া আনন্দাপ্লুত হৈছে। আৰু তেওঁলৈ মোৰ আন্তৰিক শুভাশীষ জ্ঞাপন কৰিলোঁ। ইতি—

 
ডিব্ৰুগড়।
৭ এপ্ৰিল ১৯৪৭ চন
শ্ৰীবেণুধৰ ৰাজখোৱা।