পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

ভুঞ্জিবো নিৰ্দিষ্ট সুখ লভিয়া স্বৰ্গক।
হেনয়, কামনা কৰি অৰ্চ্চে ঈশ্বৰক॥
বাঢ়ে প্ৰীতি বেদৰ শুনিয়া ফল-শ্ৰুতি।
পাছে সেহি কৰ্ম্মে তাৰ সাধিবে মুকুতি॥
যেন পিতৃ শিশুক লাড়ু লোভ দিয়য়।
তাক পাইবো বুলি শিশু ঔষধ পিয়য়॥
পাছে খণ্ড লাড়ুৱে গৰ্ভৰো ৰোগ হৰে।
সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰে॥
পাছে বেদে বোলে এড়া ইসৱ কামনা।
নিষ্কামে কৰিবা এক কৃষ্ণত অপৰ্ণা॥
সেহি কৰ্মে কৰাই বিষয়ত বিৰকতি।
উপজাইবে মাধৱত পৰম ভকতি॥
পৰম অজ্ঞানী হয় যিটো দুষ্ট চিত্ত।
ইসৱ নকৰে কৰ্ম্ম বেদৰ বিহিত॥
যাইবে সিটো বিকৰ্ম্ম পাপতে অধোগতি।
মৰি মৰি উপজিবে যাতনাক প্ৰতি॥
হেন জানি নিয়মিব আপোনাৰ চিত্ত।
কৰিব সাত্ত্বিক কৰ্ম্ম বেদৰ বিহিত॥
ছাড়িয়া কামনা কৰি অৰ্পনা ঈশ্বৰে।
পাইবেক পৰম তেৱে সিদ্ধি সিটো নৰে॥
সেহি কৰ্ম্মে কৰে জানা কৰ্ম্ম নিবাৰণ।
ফল শ্ৰুতি মানে হোৱে ৰুচিৰ কাৰণ॥

(নিমিনৱসিদ্ধ, ২১১-২১৭)