পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

এহিমতে যিটো নৰ স্বৰ্গাদিৰ অৰ্থে।
সদায়ে কৰ্ম্মত ৰতি কৰে মাত্ৰ বৃথে॥
লৈয়া এক শৰণ কৃষ্ণক নভজয়।
সংসাৰ তাপতে সদা পৰিয়া থাকয়॥

(ৰত্নাকৰ ৯৫৭—৯৫৮)

⸺⸺

বৈকুণ্ঠ

১। অনন্ত মহিমা  আমাৰ গানৰ
 কহো কিছু তাৰ গুণ॥
 নাহি তাত মায়া  কালৰ বিক্ৰম
 লোভ মোহ ক্ৰোধ কাম।
 সদায়ে আনন্দ  মহা সুখময়
 প্ৰসিদ্ধ বৈকুণ্ঠ ধাম॥
 ইন্দ্ৰিয়ৰ ভোগ  স্বৰ্গ-সুখ মানে
 কুৎসিত আতি বিনাশী।
 যিটো নিজ সুখ  আত্মাৰ আনন্দ
 বৈকুণ্ঠত মিলে আসি॥
 মোহোৰ সমান  সুসিদ্ধ স্বৰূপ
 ভকতে পাৱে তথাত।
 নীল তনু পীত  বস্ত্ৰে শোভে আতি
 সমস্তৰে চাৰি হাত॥

(অৰ্জ্জুনৰ প্ৰতি কৃষ্ণ—ভক্তি প্ৰদীপ, ২৯৫-২৯৬